গুৱাহাটী : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয় ভ্ৰমণ কৰি বিদ্যালয়খনৰ আন্ত:গাঁথনিকে আদি কৰি আন সুবিধাসমূহৰ বুজ লয়। বিভাগৰ প্ৰধান সচিব মুকেশ চাহু আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়াক লগত লৈ মন্ত্ৰী গৰাকীয়ে আজি আগবেলাতে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আন শিক্ষকসকলৰ সৈতে বিদ্যালয়খনৰ পৰিচালনাৰ বিষয়ে আলোচনাত মিলিত হয়।
উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়খনৰ লগত শেহতীয়াকৈ উচ্চতৰ শাখাৰ শ্ৰেণীও সংযোগ কৰা হৈছে। আজিৰ বিদ্যালয়খন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন, পৰিষ্কাৰ-পৰিচন্নতা, ছাত্ৰ-ছাত্ৰীৰ দৈনিক খাদ্যৰ সুব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত আৱাসগৃহ আদি কেইবাটাও দিশত আলোচনা কৰি বিভাগীয় বিষয়াক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ খাদ্যৰ ক্ষেত্ৰত কিছু অসুবিধা থকা বুলি জানিব পাৰি মন্ত্ৰী গৰাকীয়ে এই বিদ্যালয়খনকে ধৰি চৰকাৰৰ অধীনত দিব্যাংগসকলৰ বাবে থকা সকলো শিক্ষা প্ৰতিস্থানতে একেধৰণৰ সুষম আহাৰৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় প্ৰধান সচিবক নিৰ্দেশ দিয়ে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ শেহতীয়া শিক্ষান্ত পৰীক্ষাৰ ফলাফল জানিব পাৰি সন্তোষ্টি প্ৰকাশ কৰে। এইবাৰ বিদ্যালয়খনৰ পৰা ১০ জন প্ৰাৰ্থী পৰীক্ষাত অৱত্তীৰ্ণ হৈ ১০ গৰাকীয়েই উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।
বিদ্যালয়খন পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীয়ে বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে ছাত্ৰ-ছাত্ৰীক লগ পোৱাকৈ পুনৰ আহিব বুলি উল্লেখ কৰি তেতিয়া ছাত্ৰ-ছাত্ৰীৰ সকলো সমস্যা ভালদৰে বুজিব পাৰিব বুলি আশা কৰে। আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ কোঠাত বিভাগীয় বিষয়া সকলৰে হোৱা বৈঠকত মন্ত্ৰী গৰাকীয়ে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত মুঠ ৫ খন দৃষ্টিহীনৰ বাবে থকা বিদ্যালয়, ২ খন শ্ৰৱণ বাধাগ্ৰস্তৰ বাবে থকা বিদ্যালয়, ২ টা বৃদ্ধাবাসৰ লগতে আন এনে প্ৰতিস্থান সুকলমে পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
বিদ্যালয় পৰিদৰ্শনৰ অন্তত মন্ত্ৰী গৰাকীয়ে দিছপুৰৰ জনতা ভৱনতো বিভাগীয় প্ৰধান সচিব আৰু সঞ্চালকৰ লগত এই বিষয়ে এক আলোচনাত মিলিত হৈ প্ৰয়োজন হোৱা সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বিদ্যালয় পৰিদৰ্শনকালত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ বিষয়াসকল উপস্থিত আছিল।