দৰং : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চল ভ্ৰমণ কৰি বানত ক্ষতি হোৱা ননৈ আৰু শাকতোলা নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলকেইটাত শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। প্ৰথমতে মন্ত্ৰী গৰাকীয়ে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙেলিঝাৰ অঞ্চলত ননৈ নদীৰ মথাউৰিৰ ভগ্ন অংশ পৰ্যবেক্ষণ কৰি উপস্থিত বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়া সকলৰ লগত মথাউৰিৰ শীঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থাৰ বিষয়ে কথা হয়।

পাছত মন্ত্ৰী গৰাকী হাজৰিকাপাৰা অঞ্চলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাৱৰ সহায়ত শাকতোলা নদীৰ মথাউৰি ভাঙি সৃষ্টি হোৱা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু বানৰ ফলত জলমগ্ন হৈ থকা অঞ্চলৰ লোকসকলে আশ্ৰয় গ্ৰহণ কৰি থকা স্থানসমূহত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুবিধা অসুবিধাসমূহৰ বুজ লয়। বানপীড়িত সকলে যাতে চৰকাৰৰ পৰা খাদ্য, চিকিৎসা, খোৱাপানী, আশ্ৰয় আদি প্ৰয়োজনীয় সকলো সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত আৰু বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।

আনহাতে পৰিদৰ্শনৰ সময়তে লগত যোৱা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰী গৰাকীয়ে শীঘ্ৰে অসমৰ সকলো বানত ক্ষতিগ্ৰস্ত মথাউৰিৰ তালিকা প্ৰস্তুত কৰি জৰুৰীভাৱে মথাউৰি সমূহৰ মেৰামতিৰ বাবে অস্থায়ী কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে বাৰিষাৰ সময়খিনিত মথাউৰিৰ কাষৰীয়া মানুহসকলৰ যাতায়তৰ ব্যৱস্থা পুনৰ কৰি দিব পৰা যায়। পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই উপস্থিত সাংবাদিকৰে হোৱা কথা বতৰাত উল্লেখ কৰে যে দৰং জিলাৰ বানাক্ৰান্ত অঞ্চলৰ খবৰ তেওঁ প্ৰতি মূহুৰ্ততে লৈ আছে আৰু ননৈ আৰু শাকতোলা নদীৰ ভগ্ন মথাউৰি অস্থায়ীভাৱে মেৰামতিৰ বাবে বিভাগক ইতিমধ্যেই নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে বাৰিষাৰ সময়খিনিত ৰাইজৰ যাতায়ত আৰু আন সুবিধা হোৱাকৈ জৰুৰী অস্থায়ী কামহে কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই কামসমূহ মাথো ৰাইজৰ সাময়িক সকাহৰ বাবেহে কৰা হৈছে।

মথাউৰিৰ স্থায়ী মেৰামতি আৰু পুনৰনিৰ্মাণৰ কাম ডিচেম্বৰ মাহতহে আৰম্ভ কৰাতো সম্ভৱ বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে সাংবাদিকে মথাউৰি পুনৰনিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে জৰুৰীভাৱে কৰা অস্থায়ী কামসমূহ কেতিয়াও স্থায়ী হ’ব নোৱাৰে আৰু এই অস্থায়ী কামসমূহৰ ভিত্তিত বিভাগৰ বিপক্ষে এনে অভিযোগ কৰাটো সমিচীন নহয়।

লগতে পঢ়ক –   আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত প্ৰাইজমানি দৌৰ সম্পন্ন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কামৰ নামত কোনেও ফাঁকি দিব নোৱাৰে আৰু বেয়া কাম কৰি কোনেও পইচা ল’ব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এইবাৰৰ অত্যাধিক বৰষুণ আৰু ভূটান তথা ডিমা হাচাওৰ পৰা নামি অহা পানীয়ে প্ৰৱল বানৰ সৃষ্টি কৰাৰ লগতে মথাউৰি সমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছে যাৰ ফলত মধ্য অসম আৰু উত্তৰ তথা নামনি অসমৰ প্ৰায় ৩০ টা মান স্থানত নদীৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙিছে। আনহাতে বিভাগীয় বিষয়া-অভিযন্তা, উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ তৎপৰতা তথা বিধায়ক সকলে অহৰ্নিশে কৰা কষ্টৰ ফলত বান হোৱা অঞ্চলকেইটাত ৫০ টাতকৈও অধিক স্থানত মথাউৰি ছিঙাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply