গুৱাহাটী : শোণিতপুৰ জিলাত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা মন্ত্ৰীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা আৰু ঘূৰি অহা যাত্ৰা পথত জিলা/ মহকুমা সমূহত চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশমৰ্মে শুকুৰবাৰে জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কামৰূপ জিলাৰ ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত মৰঙ্গাবাৰী আৰু ভেৰকুছিত নিৰ্মীয়মান আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰ দুটাৰ লগতে অৱস্থিত প্ৰাথমিক বিদ্যালয় দুখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে।

কন কন ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পঢ়া-শুনা কৰিবলৈ মৰমেৰে বুজনি দিয়াৰ লগতে তেওঁ শিক্ষক শিক্ষয়িত্ৰীসকলক কন কন শিশুসকলক নিজৰ ল’ৰা-ছোৱালী সদৃশ জ্ঞান কৰিবলৈ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কয়। ২ নং কচুতলী গাঁৱৰ প্ৰস্তাৱিত অমৃত সৰোবৰৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰে সমীপৱৰ্তী সোণাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় (এ) পৰিদৰ্শন কৰে আৰু বিদ্যালয়খনৰ সামগ্রিক আন্তঃগাঁথনিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়াসকলক তেওঁ জিলাখনৰ উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ন কৰিবলৈ আৰু আঁচনিসমূহ আৰু অধিক জনমুখী কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে।

লগতে পঢ়ক –  বোকাখাতত ৫,৫০,০০০ টকীয়া আঁচনিত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে  দুৰ্নীতিৰ অভিযোগ

সেই একেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে শোণিতপুৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বাটত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰদলং অমৃত সৰোবৰৰ প্ৰস্তাৱিত স্থান, ২ নং কচুতলী অমৃত সৰোবৰৰ প্ৰস্তাৱিত স্থান আৰু ক্ষেত্ৰীৰ ভোগপুৰ নিৰ্মীয়মান আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে শনিবাৰে শোণিতপুৰ জিলাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰীসকলে যাত্ৰাপথত (অহা/যোৱা) মৰিগাওঁ, নগাওঁ, কলিয়াবৰ, শোণিতপুৰ, হোজাই, ভেৰগাওঁ, ৰঙিয়া, তামুলপুৰ,ওদালগুৰি, কামৰূপ, মঙলদৈ, কামৰূপ মহানগৰ আদি জিলা/মহকুমাৰ বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply