বৰপেটা : মহাবাহু ব্ৰহ্মপুত্ৰ নৈ’ৰ বিধ্বংসী খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱা বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত মংগলবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে স্থাপিত কৰা ঐতিহ্যমণ্ডিত সত্ৰখন সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকট নমাই অনা সত্ৰখনৰ লগতে মন্ত্ৰী গৰাকীয়ে বাঘবৰৰ বিভিন্ন খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে।

মন্ত্ৰী গৰাকীয়ে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰবাসী ৰাইজৰ সৈতেও মত বিনিময় কৰে।বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে সত্ৰখনক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ সাময়িক প্ৰতিৰোধৰৰ বাবে কাইলৈৰ পৰাই কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ বৰপেটা জিলাৰ লগতে ৰাজ্যত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে অহা এবছৰৰ ভিতৰত এচিয়ান ডেভেল’পমেন্ট বেংকৰ জৰিয়তে প্ৰায় ৩ হাজাৰ ৭ শ কৌটি টকা ব্যয় সাপেক্ষে কেবাখনো আঁচনি গ্ৰহণৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী।গৰাকীয়ে৷

লগতে পঢ়ক –  আইন শৃংখলাৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা আৰক্ষীৰ সঞ্চালক প্ৰধানৰ

আনহাতে অখিল গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি আৰু পিযুষ হাজৰিকাৰ দেহত মোগলৰ তেজ থকা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, পূৰ্বতে হিন্দুসকল মোগললৈ ধৰ্মান্তৰিত হৈছিল৷ ঠিক তেনেদৰে অখিল গগৈয়েও মোগললৈ ধৰ্মান্তৰিত হোৱা বুলি কয় মন্তব্য পিয়ুষ হাজৰিকাই৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওঁৰ দেহত মোগলৰ তেজ আছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply