গহপুৰ : গহপুৰতবান বিধ্বস্ত অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা। গহপুৰৰ বান পৰিস্থিতিৰ বুজ ললে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী গৰাকীয়ে গহপুৰৰ কেইবাস্থানতো ব্ৰহ্মাজান আৰু চত্ৰং নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।

মন্ত্ৰী গৰাকীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মহকুমাটোৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে এখন পৰ্যালোচনা সভাতো অংশ লয়। আনহাতে বানত ক্ষতিগ্ৰস্ত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়াকো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণৰ সুবিধা হোৱাকৈ কাম কৰিবৰ বাবে নিৰ্দেশ দিয়ে।

লগতে পঢ়ক – জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

বানত ক্ষতিগ্ৰস্ত হোৱা বান্ধ অথবা পথসমূহ শীঘ্ৰে মেৰামতি কৰি সাময়িকভাৱে বান প্ৰতিৰোধ কৰিব পৰা আৰু বানাক্ৰান্তসকলৰ যাতায়তৰ সুবিধা কৰি দিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। জলসম্পদ বিভাগৰ বিষয়াক মন্ত্ৰী গৰাকীয়ে তৎকালীনভাৱে ব্ৰহ্মাজান আৰু চত্ৰং নদীৰ চিগা অংশসমূহ বন্ধ কৰাৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply