নগাঁও : নগাঁৱত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই। তাৎক্ষণিকভাৱে বানাক্ৰান্ত সকলক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ। কলং নদীৰ বানত ক্ষতিগ্ৰস্ত লোক নিৰ্মাণ বিভাগৰ পথৰ চিগা অংশ জৰুৰীভাৱে বন্ধ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ।
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁও সদৰৰ কেইবাটাও স্থানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে কলং নদীৰ বানত প্লাৱিত অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্তসকলৰ বুজ লয়। মিলনপুৰত লোক নিৰ্মান বিভাগৰ পথ এটাৰ এচোৱা নদীৰ বানে খহাই নিয়াত জলসম্পদ বিভাগক মন্ত্ৰী গৰাকীয়ে জিঅ’ বেগ আদিৰে পথৰ চিগা অংশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এই সময়ছোৱাত চিগা অংশৰে পানী সোমাই ৰাইজক আৰু সমস্যাত পেলাব নোৱাৰে আৰু অঞ্চলটোৰ ৰাইজে পথটোৰে যাতায়ত পুনৰ আৰম্ভ কৰিব পাৰে।
লগতে পঢ়ক – বিশ্বনাথত পূৰ্ণাংগ জিলা ন্যায়িক ব্যৱস্থাৰ আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
মিলনপুৰৰ পাছতে মন্ত্ৰীগৰাকীয়ে চহৰখনৰ বৈদ্যটোপ, শেনছোৱা হালধিআটি আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসনৰ বিষয়াসকলক বানাক্ৰান্ত ৰাইজক খাদ্য, চিকিৎসা আদিকে ধৰি সকলো সহায় তাৎক্ষণিকভাৱে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।