ৰহা : ৰহাৰ বানাক্ৰান্ত ৰাইজৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকা। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে ৰহা সমষ্টিৰ চাপৰমুখত বানাক্ৰান্তসকলৰ খবৰ লয়। চাপৰমুখৰ তিনিটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই চাপৰমুখৰ তিনিটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী, খোৱাপানী আৰু ঔষধ আদিৰ সুব্যৱস্থা কৰি দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে তিনিখুটি অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।
লগতে পঢ়ক – বানৰ সংহাৰী ৰূপ: বানত পৰি মৃত্যু বহুকেইজন লোকৰ
তিনিখুটিত বিগত সময়ত খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছিল যাৰ ফলত এতিয়া অঞ্চলটোত খহনীয়া নাই যদিও পথৰ ওপৰেৰে নদীৰ পানী বৈ কাষৰীয়া অঞ্চল প্লাৱিত কৰি বানৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লৈ পৰৱৰ্তী সময়ত দেউবালি আৰু ফুলগুৰিত উপস্থিত হৈ আশ্ৰয় শিবিৰত বানাক্ৰান্ত সকলৰ খবৰ লয়।