গুৱাহাটী : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ আন্ত:গাঁঠনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক সকল আৰু একাংশ অভিভাৱকৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ শ্ৰেণী কোঠা, কম্পিউটাৰ কক্ষ, ছাত্ৰ-ছাত্ৰীৰ আবাস আদি পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পৰিচালনাৰ বিষয়ে বুজ লোৱাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়েও জানিবলৈ প্ৰয়াস কৰে।
অসমৰ বিভিন্ন স্থানৰ পৰা আহি বিদ্যালয়খনত বৰ্তমানে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় ৪৫০ গৰাকী। মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শনৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মনৰ ভাৱ জানিবলৈ প্ৰয়াস কৰাৰ বিপৰীতে মন্ত্ৰী গৰাকীৰ ভ্ৰমণত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যথেষ্ট উচাহ প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰে। মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষৰ পৰা বিদ্যালয়খনে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লৈ এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ উপস্থিত থকা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিষয়াসকলক নিৰ্দেশ দিয়ে।
আনহাতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে আবাসৰ সংখ্যা কম হোৱাৰ কথাটো লক্ষ কৰি মন্ত্ৰীগৰাকীয়ে সোনকালেই ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব ঘোষণা কৰে। পৰিদৰ্শনকালত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে দিব্যাংগ শিশু সকলৰ বাবে অসমত কেইবাখনো বিদ্যালয় আৰু আন প্ৰতিষ্ঠান আছে আৰু শেহতীয়াকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব লোৱাৰ পাছত তেঁও এই বিষয়ে যিমান পাৰি জানিবলৈ চেষ্টা কৰিছে।
লগতে পঢ়ক – মানকাচৰৰ নেৰামেকৰ কাজু ফেক্টৰীত চুৰিকাণ্ড
ছাত্ৰ-ছাত্ৰীস কলক যাতে আজি থকাতকৈ আৰু অলপ ভাল পৰিৱেশত আৰু অলপ ভালদৰে ৰাখিব পৰা যায় সেই বিষয়ে জানিবলৈ মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন ভ্ৰমণ কৰা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। আনহাতে এনে ধৰণৰ সকলো প্ৰতিষ্ঠানৰ প্ৰাংগন চাফ চিকুণকৈ ৰাখি, খোৱা বোৱাৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচন্নতা বৰ্তাই ৰাখিবৰ বাবে মন্ত্ৰী গৰাকীয়ে সকলো বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। আনহাতে চৰকাৰৰ ফালৰ পৰা দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলৰ ববে যিখিনি কৰিবলগা আছে সকলোখিনি কাম কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগ ৰাকীয়ে।