নিউজ ডেস্ক: বাৰিষা অহাৰ লগে লগে ৰাজ্যত বানপানী আৰু খহনীয়াকলৈ তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বানপানী আৰু খহনীয়াকলৈ ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ বশিষ্ঠস্থিত জলসম্পদ বিভাগৰ কেন্দ্ৰীয় গুদাম পৰিদৰ্শন কৰে। লগতে বানপানীৰ পূৰ্বে ৰাজ্যৰ সকলো জিলালৈ পৰ্কুপাইন, জিঅ’ বেগ আদি পঠিওৱাৰ বাবে কৰা ব্যৱস্থাৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যেই জিলাসমূহলৈ এই সামগ্ৰীসমূহ প্ৰেৰণ কৰি থকা হৈছে ।

তথ্য অনুসৰি জলসম্পদ বিভাগে ইতিমধ্যে আগন্তুক বাৰিষাৰ প্ৰস্তুতি হিচাপে প্ৰায় ৮৯ হাজাৰ পৰ্কুপাইন চেট আৰু ১০ লাখ জিঅ’ বেগ মজুত কৰি ৰাখিছে ।

আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰিকাই এই সামগ্ৰীসমূহৰ মাথো ২৫ শতাংশহে কেন্দ্ৰীয় গুদামত ৰাখি বাকী ৭৫ শতাংশকে জিলাসমূহলৈ প্ৰয়োজন অনুসৰি পঠাই দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে আশা কৰে যে বিগত বৰ্ষত বিভাগীয় তৎপৰতাত ৰাজ্যখনৰ প্ৰায় ১২১ টা স্থানত মথাউৰি চিগাৰ পৰা ৰক্ষা কৰাৰ দৰে এইবাৰো বিভাগে বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈ সক্ষম হ’ব পাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply