মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ নামঘৰত অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস দেওবাৰে অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে তেওঁৰ অধীনত থকা তিনিটা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ পৰা হেলিকপ্টাৰযোগে মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস।

মন্ত্ৰী গৰাকীয়ে নামঘৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিয়লি প্ৰায় ২.৩০ বজাত মানকাচৰ গড়কপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাখন অংশগ্ৰহণ কৰে। এই সভাখনত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, কেবাগৰাকী অতিৰিক্ত উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এল আৰ লস্কৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰী, তিনিগৰাকী খন খণ্ড উন্নয়ন বিষয়া, জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।

লগতে পঢ়ক –  পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিঃ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে প্ৰদান কৰিলে ধন

জিলাখনত বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় ১৫ হেজাৰ ঘৰ নিৰ্মাণৰ কাম সম্পন্ন হোৱা নাই। ফলত জিলাখনত এইবেলি প্ৰায় ২৫ হেজাৰ নতুন ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা হোৱা নাই। অহা আগষ্ট মাহৰ ভিতৰত পুৰণি ১৫ হেজাৰ ঘৰ নিৰ্মাণৰ কাম সম্পন্ন হ’লেহে নতুনকৈ ২৫ হেজাৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীৰ লগতে পৰ্যালোচনা সভাত উপস্থিত থকা বিধায়ক আমিনুল ইছলাম জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply