গুৱাহাটী : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত ৰাজ্যখনত শেহতীয়াকৈ হোৱা বানপানীৰ বিষয়ত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। প্ৰথমতে মন্ত্ৰী গৰাকীয়ে বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা সমষ্টিসমূহৰ বিষয়ে বিষদভাৱে খতিয়ান লয়।
বানত ক্ষতিগ্ৰস্ত অঞ্চল সমূহত মথাউৰি নিৰ্মাণৰ বিষয়ে আলোচনা কৰি মন্ত্ৰী গৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা আজিৰ ভিতৰতে সমষ্টি অনুসৰি ক্ষতি হোৱা অথবা নিৰ্মাণৰ প্ৰয়োজন হোৱা মথাউৰিৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। হোজাই, ৰঙিয়া, বৰহমপুৰ, তামুলপুৰ, কমলপুৰ, ছিপাঝাৰ, নলবাৰি, বজালি, বৰমা, পাটাচাৰকুচী, ভৱানীপুৰ, যমুনামূখ, নগাঁও, বৰক্ষেত্ৰী, হাজো আদিকে ধৰি মধ্য আৰু নামনি অসমৰ লগতে বৰাক উপত্যকাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মথাউৰিৰ সবিশেষ বিভাগক দিনটোৰ ভিতৰতে সাজু কৰি মন্ত্ৰীগৰাকীক জনাবৰ বাবে তেঁও নিৰ্দেশ দিয়ে।
লগতে পঢ়ক – গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
আনহাতে মথাউৰি সমূহৰ সুৰক্ষাৰ বাবে প্ৰতি ৫ অথবা ৬ কিল’মিটাৰৰ অন্তত মথাউৰি সমূহত শ্লুইছ গেট বনোৱাৰ কথাটো প্ৰযুক্তিগতভাৱে অধ্যয়ন কৰিবৰ বাবেও মন্ত্ৰী গৰাকীয়ে বিভাগীয় অভিযন্তাক আহ্বান জনায়। পৰ্যালোচনা বৈঠকতে মন্ত্ৰী গৰাকীয়ে লোক নিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ যুটীয়া উদ্যোগত নিৰ্মাণ হ’ব লগা পকী মথাউৰি তথা পথৰ অগ্ৰগতিৰ বিষয়েও বিভাগীয় বিষয়াৰ পৰা বুজ লয়।