যোৰহাট : চিকিৎসকৰ ঘৰত নাবালিকা নিৰ্যাতন। ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল দহটা সংগঠনৰ।চিকিৎসকৰ ঘৰত মানসিক নিৰ্যাতনৰ বলি হৈ পলাতক বন কৰা কিশোৰী গৰাকীক গতাই দিয়া হৈছিল আনমুল নামৰ এজন নাৰী সৰবৰাহকাৰী দালালৰ সহযোগিক।

যোৰহাটত এজন চিকিৎসকৰ ঘৰত এগৰাকী কিশোৰী মানসি নিৰ্যাতনৰ বলি হৈছিল। যোৰহাটৰ চিকিৎসকজনৰ ঘৰত বনকৰা কৰ্মী হিচাপে থকা কিশোৰী গৰাকীয়ে ফাদিল কৰিছে বহু তথ্য। কিশোৰী গৰাকী অভিযোগ পিছত ১০ টাকৈ জাতীয় সংগঠনে দিলে সংবাদমেল। ১০ টা সংগঠনে সংবাদমেলৰ যোগেদি অভিযোগ উত্থাপন কৰিছে যে চাৰি গৰাকী কিশোৰী ভিতৰত এগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল চিকিৎসকজনৰ খুলশালীয়কে।

কিশোৰী গৰাকীয়ে বিস্ফোৰণত আনমুল নামৰ এজন নাৰী সৰবৰাহকাৰী ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে। দিল্লী লৈ আনমুল নামৰ নাৰী সৰবৰাহকাৰীজনে কিশোৰী গৰাকীক প্ৰেৰণ কৰিছিল। কিশোৰী গৰাকীৰ মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা পিছত সৰব হৈ উটিছে ১০ টাকৈ জাতীয় সংগঠন। সমগ্ৰ ঘটনাৰ ওপৰত পূৰ্ব ভাৰতী সংস্থা, যোৰহাট জিলা আৰু চুটিয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি সমিতিয়ে এজাহাৰ দাখিল কৰিছে পুলিবৰ আৰক্ষী থানাত।

লগতে পঢ়ক –  ৰফিকুল হকক বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

বৰ্তমানলৈকে আৰক্ষীয়ে গোচৰ ৰুজু নকৰাকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ যোৰহাটত। ইতিমধ্যে চিকিৎসক আৰু চিকিৎসকজনৰ প্ৰবক্তা পত্নীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।আৰক্ষীৰ তদন্তত ঘটনাৰ লগত জড়িত তথ্য সমুহ মুকলি কৈ ওলাই পৰা ভয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বুলি সন্দেহ প্ৰকাশ কৰিছে ১০ টাকৈ সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,477 other subscribers

Leave a comment

Leave a Reply Cancel reply