নগৰবেৰা : পুনৰ এক জঘন্য কাণ্ড। এগৰাকী নাবালিকাক ধর্ষণৰ চেষ্টা এজন যুৱকৰ। এই জঘন্য কাণ্ড সংঘটিত হৈছে নগৰবেৰাত। ধৰ্ষণৰ অপচেষ্টা চলোৱা যুৱকজনে নাবালিকা গৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

আৰক্ষী প্ৰশাসন অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও নিয়ন্ত্ৰণ হোৱা নাই অপৰাধজনীত ঘটনা। বিশেষকৈ নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিদিনে ৰাজ্যত সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাই আছে। পুনৰ এক অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত।

এইবাৰ নগৰবেৰাত এগৰাকী নাবালিকা ৰক্ষা পৰিল এজন লম্পটৰ কামনাৰ বলিৰ পৰা। নগৰবেৰাত মহিদুল ইছলাম নামৰ এজন লম্পটে এগৰাকী নাবালিকাক ধর্ষণৰ অপচেষ্টা চলায়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট মহিদুল ইছলামক।

লগতে পঢ়ক –  প্ৰথমবাৰৰ বাবে 3D প্ৰিন্ট কৰা জীৱন্ত টিছ্যুৰে যুৱতীৰ কাণৰ অস্ত্ৰোপচাৰ

পথত খেলি থকা অৱস্থাত নাবালিকা গৰাকীক মহিদুল ইছলাম নামৰ লম্পটজনে বলপূৰ্বকভাৱে ধর্ষণৰ চেষ্টা চলায় বুলি নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰে। এই সন্দৰ্ভত নগৰবেৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে লম্পটজনক গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply