গৰৈমাৰী : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা। ধৰ্ষণ কৰি ৰাজপথৰ ওপৰত পেলাই গ’ল ১৫ বছৰীয়া কিশোৰীক। দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা৷

শুকুৰবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথৰ ওপৰত পেলাই যায় এগৰাকী ১৫ বছৰীয়া কিশোৰীক৷ পুৱা ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে কিশোৰী গৰাকীক উন্নত চিকিৎসা বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

গৰৈমাৰী বজাৰৰ অন্তৰ্গত হাতেম চৌধুৰী শিশু নিকেতনৰ ওচৰৰ গুমী-গৰৈমাৰী গড়কাপ্তানী পথৰ ওপৰত মুমূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে কিশোৰী গৰাকীক। ইতিমধ্যে গৰৈমাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

লগতে পঢ়ক –  জুবিনৰ বিহুৰ অনুষ্ঠানত দৰ্শকৰ অতপালি! মঞ্চলৈ দলিয়ালে জোতা-চেণ্ডেল

আৰক্ষীয়ে ধৰ্ষণকাৰীৰ নাম আৰু মবাইল নম্বৰৰ সন্ধান লাভ কৰিছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই পাষণ্ডজনৰ প্ৰকৃত পৰিচয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply