নিউজ ডেস্ক : উৰিষ্যাত এগৰাকী নাবালিকাই বিদ্যালয়ৰ চাদৰ পৰা জঁপিয়ালে। দলবদ্ধ ধৰ্ষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বিদ্যালয়ৰ চাদৰ পৰা জঁপিয়ালে নাবালিকা গৰাকী। বৰষুণৰ বাবে বিদ্যালয়খনত ভাতৃৰ লগত আশ্ৰয় লৈ আছিল নাবালিকা গৰাকী।

উৰিষ্যাৰ জয়পুৰ জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিকাই নিজকে দলবদ্ধ ধর্ষণৰ পৰা ৰক্ষা কৰিবলৈ এখন বিদ্যালয়ৰ চাদৰ পৰা জঁপিয়ালে। এই ভয়ংকৰ ঘটনা সংঘটিত হয় দেওবাৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৰষুণৰ বাবে নাবালিকা গৰাকীয়ে নিজ ভাতৃৰ লগত বিদ্যালয়খনত আশ্ৰয় লৈ আছিল। সেই সময়তে কেইজন লোকে নাবালিকা গৰাকীক দলবদ্ধ ধর্ষণৰ চেষ্টা চলাওঁতে নাবালিকা গৰাকী বিদ্যালয়খনৰ চাদৰ পৰা জঁপিয়াই দিয়ে।

নাবালিকা গৰাকী গুৰুত্বৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ঘটনাৰ লগতে জড়িত পাঁচজনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে। নাবালিকা গৰাকী নিজ ভাতৃৰ লগত বাছযোগে কেউনঝাৰ জিলাত থকা নিজ ভগ্নীৰ ঘৰলৈ গৈ আছিল।

লগতে পঢ়ক – একুৱাটিক চেম্পিয়নশ্বিপত ছয়টাকৈ পদক অসমৰ অংশুমান কাশ্যপৰ

বৰষুণৰ বাবে বাছখন যাব নোৱাৰাত কেইজনমান লোকে নাবালিকা গৰাকীক বিদ্যালয়খনত আশ্ৰয় লবলৈ আৰু বৰষুণ কমিলে পুনৰ যাবলৈ পৰামৰ্শ দিছিল। নাবালিকা গৰাকী বিদ্যালয়খনত আশ্ৰয় থকা অৱস্থাত নিশা দুৰ্বৃত্তৰ দলটোৱে নাবালিকা গৰাকীক ধৰ্ষণৰ চেষ্টা চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply