নিউজ ডেস্ক : কমনৱেলথ গেমছত মীৰাবাঈ চানুৰ সোণৰ পদক। শনিবাৰে কমনৱেলথ গেমছত মহিলাৰ ৪৯ কেজি ভাৰোত্তোলনৰ ফাইনেলত ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে সোণৰ পদক লাভ কৰে।
মীৰাবাঈ চানুৱে কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অর্জন কৰিছে। চানুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰাৰ গৌৰৱ লাভ কৰিছে।
লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
উল্লেখ্য যে মণিপুৰৰ কন্যা মিৰাবাই চানুৱে টকিঅ’ অলিম্পিকতো পদক অৰ্জন কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে তিনিটা পদক অৰ্জন কৰিছে। এই তিনিওটা পদক ভাৰোত্তোলনত অর্জন কৰিছে ভাৰতে।