নিউজ ডেস্ক: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নি সংযোগ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই। কেৱল ইয়াতেই ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে শ্ৰাদ্ধৰ বাবে নিমন্ত্ৰণ জনোৱা পুৰোহিত সকলকো শাৰীৰিকভাৱে প্ৰহাৰ কৰে। নিৰীহ পুৰোহিত সকলে সমগ্ৰ ঘটনাৰাজিত অপ্ৰস্তুত হৈ পৰে যদিও পৰৱৰ্তী সময়ত উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।

আনহাতে, বিপ্লৱ দেৱৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ ওপৰিও নিকটৱৰ্তী অঞ্চলৰ দোকান-পোহাৰ আদিও লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে।

উল্লেখ্য যে, শ্ৰাদ্ধৰ বাবে অহা পুৰোহিত সকলৰ ভাষ্য অনুসৰি  দুৰ্বৃত্তৰ দলটোৱে চিপিএমৰ সমৰ্থনৰ কথা উল্লেখ কৰিছিল ঘটনাস্থলীত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply