মনমোহনীপুৰ চাহবাগিচাৰ পৰা দিগন্ত শৰ্মা

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰৰ নিকটবৰ্তী মনমোহনীপুৰ চাহবাগিচাৰ বাসিন্দা বিকাশ টিগ্গা নামৰ যুৱকখন আছিল এগৰাকী ক্ৰীড়া সংগঠক, জড়িত হৈছিল সামাজিক কাম-কাজতো। বিভিন্ন ক্ষেত্ৰত বিকাশে অনুজসকলক আগবাঢ়ি যোৱাত সহায় কৰিছিল। আনহাতে ঘৰখনৰ জ্যেষ্ঠ সন্তান হোৱা বাবে চাহশ্ৰমিক পিতৃ লজৰুছ টিগ্গা আৰু মাতৃ কালিস্তা টিগ্গাই আশা কৰিছিল – বিকাশেই ভৱিষ্যতে ঘৰখনৰ দায়িত্ব মুৰ পাতি ল’ব। আৰু বিকাশেও নিজক বিকশিত কৰিছিল সেই দিশেৰেই।

কিন্তু ২৪ ডিচেম্বৰ , ২০১৪ তাৰিখে এক সংঘাতজৰ্জৰ পৰিস্থিতিয়ে বিকাশ টিগ্গাৰ জীৱনলৈ নমাই আনিলে অন্ধকাৰ। পিছে উগ্ৰপন্থীয়ে নহয়, বৰং আৰক্ষীৰ গুলীয়ে বিকাশৰ দেহত আঘাত সানিছিল। আৰক্ষী বাহিনীৰ গুলীয়ে বিকাশৰ দেহত আঘাত কৰিলে। আৰক্ষী বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত সেইদিনা থকাসৰকা হ’ল বিকাশৰ সোঁভৰিখন। যি দুখন ভৰি আছিল সেই যুৱকজনৰ ক্ৰীড়া সাধনাৰ প্ৰধান ভৰসা, জীৱনৰ লক্ষ্যত উপনীত হোৱা প্ৰধান অৱলম্বন, সেনা বাহিনীত ভৰ্তি হৈ দেশৰ সুৰক্ষাৰ কামত নিয়োজিত হোৱাৰ অযুত আশাৰ প্ৰধান চালিকা শক্তি – সেই ভৰিয়েই নিৰ্মমভাৱে আৰক্ষীয়ে গুলীয়ালে। আৰু এতিয়া বিকাশৰ এখন ভৰি নাই।

বিকাশে পঢ়াৰ সমান্তৰালকৈ প্ৰতিদিনে অব্যাহত ৰাখিছিল শৰীৰ চৰ্চা। ক্ৰীড়াক্ষেত্ৰত আছিল আগৰণুৱা। পুৱতি নিশা প্ৰতিদিনেই বহু কিলোমিটাৰ দৌৰিছিল যুৱকজনে। মনত আছিল বহু স্বপ্ন, জীৱনৰ লক্ষ্য আছিল – ভাৰতীয় সেনাবাহিনীত ভৰ্তি হ’ব, দেশৰ সুৰক্ষাৰ বাবে শত্ৰুৰ বিৰুদ্ধে থিয় দিব। যুৱকজনে বাস কৰা অঞ্চলটোৰ আন সমনীয়া বা কনিষ্ঠ যুৱকসকলকো উৎসাহিত কৰিছিল- সেই একেই লক্ষ্য বুকুত বান্ধি আগবাঢ়িবলৈ। পুৱতি নিশা উঠি কেইবা কিলোমিটাৰ দৌৰা সেই সুঠাম দুভৰিৰ এখন হেৰুৱাৰ লগতে বিকাশে হেৰুৱালে স্বপ্ন পূৰণ আৰু জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আশা। যিখন ঘৰৰ দায়িত্বভাৰ ল’বলৈ আগবাঢ়িছিল বিকাশ, সেই ঘৰখনৰ বৃদ্ধ পিতৃ মাতৃয়েহে এতিয়া যুৱকজনৰ প্ৰতিটো খোজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে।

ক্ৰীড়া ক্ষেত্ৰত উজলি উঠা বিকাশ এতিয়া আবদ্ধ হৈ পৰিছে ঘৰৰ চাৰিবেৰৰ মাজত। সাধাৰণ জনতাৰ ওপৰত আৰক্ষী বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাৰ ভয়ংকৰ পৰিণতিৰ বলি বিকাশ টিগ্গা। উল্লেখ্য যে ২০১৪ চনৰ ২৪ ডিচেম্বৰৰ নিশা শোনিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত থকা আৰক্ষী থানাৰ সমূখত হাজাৰ হাজাৰ লোকে ৰূপায়ণ কৰিছিল প্ৰতিবাদ। আগদিনা অৰ্থাৎ ২৩ ডিচেম্বৰৰ নিশা ঢেকীয়াজুলিৰ সমীপৱৰ্তী এলেকাত বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত গোটে) আদিবাসী লোকৰ ওপৰত আক্ৰমণ চলাইছিল, য’ত পাঁচজনকৈ লোক থিতাতে নিহত হৈছিল। সেই পাঁচজন ব্যক্তিৰ মৃতদেহ লৈ উগ্ৰপন্থী সন্ত্ৰাসৰ বিৰুদ্ধে আৰু চৰকাৰক জনগণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ২৪ ডিচেম্বৰৰ দিনা হাজাৰ হাজাৰ লোক প্ৰতিবাদী সমদল উলিয়াইছিল ঢেকীয়াজুলি চহৰত। চহৰখনৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে নিৰ্বিচাৰে গুলীচালনা কৰা দেখি বিকাশে আঁতৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে বিকাশকো লক্ষ্য কৰি গুলীয়াইছিল। বিকাশৰ ভৰিত কেইবাটাও গুলী লাগিছিল। লগে লগে একাংশ লোকে বিকাশক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ বিকাশক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল।

কেইবামাহো বিকাশ থাকিবলগীয়া হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। হাস্পতালৰ যাৱতীয় খৰচ চৰকাৰে বহন কৰিছিল যদিও বিকাশৰ পৰিয়ালেও বহু ধন ব্যয় কৰিবলগীয়া হৈছিল। কিন্তু এপল’ হাস্পতালৰ চিকিৎসকে বিকাশৰ ভৰিখন আঁঠুৰ ঠিক ওপৰতে কাটিব লাগিব বুলি জনায়। এই সন্দৰ্ভত বিকাশে কৈছিল, ‘এপল বিশেষজ্ঞ চিকিৎসকে কৈছিল যে প্ৰায় এমাহ আগত এপ’ল’ হাস্পতাললৈ যোৱা হ’লে ভৰিখন কাটিবলগীয়া নহ’লহেতেন। ভৰিখন সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত কাটিবলৈ বাধ্য বুলি জনাইছিল। অৱশেষত চিকিৎসকে সেই পৰামৰ্শকে মানিবলৈ বাধ্য হ’লো। কিন্তু সেইদিনা নিৰ্বিচাৰ গুলীচালনা নকৰি কেৱল লাঠীচালনা বা ৰবৰ বুলেট নিক্ষেপ কৰি হ’লেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসন সক্ষম হ’লহেঁতেন। সেয়া নকৰি গুলীচালনা কৰিলে। ফলত আমি ভুক্তভোগী হ’লো। তাৰ পিচতো চৰকাৰে যদি প্ৰথম অৱস্থাতেই মোক দিল্লীৰ এপল হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰি দিলোহেঁতেন বা গুৱাহাটীতে ভালদৰে চিকিৎসা কৰিলেহেঁতেন তেন্তে মই ভৰিখন হেৰুৱাব নালাগিলহেঁতেন।…’

উল্লেখ্য যে, কৃত্ৰিম ভৰি(কেলিপাৰ) সংলগ্ন কৰি ঘৰৰ চাৰিবেৰৰ ভিতৰতে চলাফুৰা কৰে বিকাশ টিগ্গাই। চৰকাৰী সাহায্যৰ নামত মাহে সমাজ কল্যাণ বিভাগৰ পৰা মাত্ৰ এহাজাৰ টকা লাভ কৰে। ইয়াৰ বিপৰীতে আন কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰা নাই বিকাশক। জীৱনৰ লক্ষ্য পূৰণৰ দূৰৈৰ কথা, সম্প্ৰতি বিকাশে যুৱ বয়সত ঘৰৰ চাৰিবেৰৰ মাজতে দিন অতিবাহিত কৰিব লগীয়া হৈছে। বিকাশৰ ভৱিষ্যতক লৈ উদাসীন চৰকাৰ; অথচ চৰকাৰী বাহিনী নিৰ্বিচাৰ গুলীচালনাৰ পৰিণতিত যুৱকজনৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰমুখী।

সাতাইশছ বছৰ বয়সত বিকাশ টিগ্গা আজি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বা আন ক্ষেত্ৰৰ এক সম্পদ হৈ উঠিলহেতেন৷ বাগিছাৰ লাইনৰপৰা আহি আন এক সু-উজ্জল ক্ষেত্ৰত কৰ্মদক্ষ হৈ উঠিলহেতেন৷ কিন্তু ৰাষ্ট্ৰৰ নিৰ্বিচাৰ আক্ৰমণে স্তব্ধ কৰিলে এক সম্ভাৱনাময় জীৱনৰ গতি৷

বিকাশ টিগ্গাৰ দৰে ভুক্তভোগীয়ে ন্যায় লাভ কৰিব কেতিয়া, সেয়া এক উত্তৰবিহীন প্ৰশ্ন। বিপৰীতে আৰক্ষীৰ নিৰ্বিচাৰ আক্ৰমণত আহত হৈ ভয়াবহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা বিকাশ টিগ্গা বলি হৈছে চৰকাৰী অৱজ্ঞাৰো। চৰকাৰী কোনো আঁচনি, পৰ্যাপ্ত সাহায্যই এই ভুক্তভোগীক স্পৰ্শ নকৰে কিয়?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply