নিউজ ডেস্ক: সুৰ্দীঘ প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ববাসীত আকৰ্ষিত তথা আলোড়িত কৰি ৰখা সৌন্দর্য প্রতিযোগিতাখনৰ গ্ৰেণ্ড ইভেন্ট। ৭১ সংখ্যক মিছ ৱৰ্ল্ড- ২০২৩ প্রতিযোগিতাখন এইবাৰ ভাৰতত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে মিছ ৱৰ্ল্ড অর্গেনাইজেশনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জুলিয়া গালিয়ে।
ইয়াৰ পূৰ্বে ভাৰতত ১৯৯৬ চনত অনুষ্ঠিত হৈছিল বিশ্বৰ সৌন্দৰ্য প্ৰতিযোগিতাখন । অর্থাৎ ২৭ বছৰৰ অন্তত বহু প্রত্যাশিত মিছ ৱৰ্ল্ড প্রতিযোগিতা ৭১ সংখ্যক সংস্কৰণটো ভাৰতত চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতা খনৰ দিনবাৰ বৰ্তমানেও চূড়ান্ত কৰা হোৱা নাই।
এখন সংবাদ মেলত মিছ ৱৰ্ল্ড অর্গেনাইজেশনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জুলিয়া মালিয়ে কয়- ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্রতিযোগিতাৰ ফাইনেলৰ আয়োজক হৈছে ভাৰত। এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্রময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্ববাসীয়ে প্রত্যক্ষ কৰিছে।
উল্লেখ্য যে বিশ্বৰ ১৩০ খনতকৈও অধিক দেশৰ প্রতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী সকলে মিছ ৱৰ্ল্ড ২০২৩ প্রতিযোগিতাত অংশগ্রহণ কৰিব। ভাৰতত অনুষ্ঠিত হ’ব আটাইতকৈ আকর্ষণীয় মিছ ৱৰ্ল্ড ফাইনেল ইভেন্টটো । বৰ্তমানৰ মিছ ৱৰ্ল্ড গোলেণ্ডৰ কে লিনা বিলাউস্কে ভাৰতত বাহৰ পাতি প্ৰতিযোগিতাখনৰ প্ৰচাৰ অব্যাহত ৰাখিছে।