নিউজ ডেস্ক: ৰাইজে বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা ভূমি সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে। মিছন বসুন্ধৰা-১ৰ সফলতাৰ পাছত আৰম্ভ কৰাৰ পাছত মিছন বসুন্ধৰা-২ত ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
ৰাজ্য় চৰকাৰৰ ৰাজহ বিভাগে প্রায় ১৩,৩৯,৪৯৯ খন লাখ খন আৱেদন লাভ কৰিছে। ইয়াৰউপৰি খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটি আৱেদনৰ বিপৰীতে অনুষ্ঠানক ভূমি প্রদানো কৰিছে ৰাজ্য চৰকাৰে।
বৰ্তমান এই আবেদনসমূহৰ নিষ্পতিৰ প্ৰক্ৰিয়া চলি আছে ৰাজহ বিভাগে ১০৩৭ টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি সংক্রান্তীয় প্ৰস্তাৱ নিষ্পত্তি কৰা হৈছে। চৰকাৰী আৰু বেচৰকাৰী প্রতিষ্ঠান, সংস্থাক প্রতিষ্ঠান স্থাপনৰ বাবে ৩১৯খন আৱেদনৰ বিপৰীতে ভূমি প্ৰদান কৰা হৈছে।