গুৱাহাটী : বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক গৰিহণা জনাইছে বিধায়ক অখিল গগৈয়ে। অতি শীঘ্ৰে জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবী শিৱসাগৰৰ বিধায়ক গৰাকীৰ।
গুজৰাটৰ ভাডগাম বিধনাসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক বুধবাৰে নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিধায়ক গৰাকীৰ এক টুইটকলৈ কোকৰাঝাৰত এজন লোকে গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনে।
জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে এটা টুইটৰ বাবে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুষামোদ কৰিবলৈ এই কাৰ্য কৰিছে।
লগতে পঢ়ক – ভাৰতীয় জোৱানে সাঙীত দাঙি হাস্পতালত ভৰ্তি কৰালে সন্তান সম্ভৱা মহিলাক
বিধায়ক অখিল গগৈয়ে লগতে কয় যে জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ কাৰ্যই সমগ্ৰ ভাৰতবর্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অপমান কৰিছে। এই কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও কয় বিধায়ক গৰাকীয়ে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে অতি শীঘ্ৰে দলিত নেতা তথা বিধায়ক জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবী জনায়।