মানকাচৰ : মানকাচৰৰ সুখচৰ, মলাখোৱা, গোটাবাৰী গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। সপ্তাহৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ১৭ টা পৰিয়ালৰ মাটি-ভেটি, শ শ বিঘা কৃষিভূমি, চৰকাৰী প্লেটফৰ্ম আৰু কোটি টকীয়া জিঅ’ বেগৰ বান্ধ। ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, পশু চিকিৎসালয়, ডাকঘৰ, পঞ্চায়ত কাৰ্যালয় আৰু বিদ্যালয় খহনীয়াৰ কবলত। খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, বিধায়কৰ। খহনীয়া ৰোধ নহ’লে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা বিধায়কৰ।

ব্ৰহ্মপুত্ৰ নদীৰ পানী যিমানেই বৃদ্ধি পাবলৈ ধৰিছে সিমানেই নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ ধৰিছে। কৰবাত যদি নদীৰ বুকুত জাহ গৈছে সাধাৰণ লোকৰ মাটি-ভেটি, কৰবাত আকৌ চকুৰ পলকতে শ শ বিঘা কৃষি ভূমি নদীলৈ ৰূপান্তৰিত হৈছে। ভয়াবহ খহনীয়াৰ কবলৰ পৰা বাদ পৰা নাই চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভন্ন ঠাইত এতিয়া নদীৰ পাৰত আৰম্ভ হৈছে গৰাখহনীয়াৰ তৰ্জন-গৰ্জন শব্দ। বিশেষকৈ জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত এলেকাত ভয়াবহ বাবে বৃদ্ধি পাইছে বহ্মপুত্ৰ নদীৰ গৰাখহনীয়া।

সপ্তাহৰ ভিতৰত সুখচৰ আৰু মলাখোৱা গাঁও পঞ্চায়ত এলেকাত মুঠ ১৭ টা পৰিয়ালৰ ঘৰ-দুৱাৰ খহনীয়াৰ কবলত পৰাত পৰিয়াল কেইটা নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে। পৰিয়াল কেইটাৰ মাটি-ভেটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। সুখচৰত কেইবাবছৰ পূৰ্বে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিঅ’ বেগৰ এখন বান্ধ মাত্ৰ কেইটামান দিনৰ ভিতৰত সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ লগতে বান্ধৰ কাষতে থকা এখন চৰকাৰী প্লেটফৰ্ম জাহ যোৱাত প্লেটফৰ্মত আশ্ৰয় লোৱা পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। চকুৰ পলকতে এফালৰ পৰা কৃষকৰ খেতি-পথাৰ নদীৰ বুকুত জাহ গৈ পথাৰ হৈ পৰিছে নদী।

ইফালে সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, সুখচৰ পশু চিকিৎসালয়, সুখচৰ গাঁও পঞ্চায়ত কাৰ্যালয়, সুখচৰ ডাকঘৰ আৰু ডাকুৱামাৰী প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰিছে। যিকোনো মহুৰ্তত নদীৰ বুকুত জাহ যাব পাৰে উক্ত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। উল্লেখযোগ্য যে সুখচৰ এলেকাৰ গৰাখহনীয়াৰ ভয়াবহতা বৃদ্ধি পোৱাৰ বাবে জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, এগৰাকী জিলা অতিৰিক্ত উপায়ুক্ত, ফেকমাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতাসহ কেইবাজনীয়া চৰকাৰী বিষয়াই সুখচৰত উপস্থিত হৈ এখন যন্ত্ৰ চালিত নাওযোগে সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে।

লগতে পঢ়ক –  ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা

সুখচৰৰ এই গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এটা সময়ত জিলাৰ সদৰ হাটশিঙিমাৰী তথা জিলা উপায়ুক্তৰ কাৰ্যালয় ভাবুকিত পৰাৰ সম্ভাবনা আছে বুলি মানকাচৰৰ বিধায়ক গৰাকীয়ে মন্তব্য কৰে। একেদৰে নদীৰ ভয়াবহতাৰ ফলত ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতিও চৰম ভাবুকি অহাৰ সম্ভাৱনা আছে। বিধায়ক গৰাকীয়ে খহনীয়া পৰিদৰ্শন কৰি কয় যে অতি সোনকালে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা নকৰিলে ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ নদীৰ বুকুত জাহ গৈ আন্তৰাষ্ট্ৰীয় সীমান্ত উন্মক্ত হৈ পৰিব। ফলত সীমান্তয়েদি অপৰাধমুলক ঘটনা বৃদ্ধি পোৱাৰ লগতে দেশৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আহিব। এই ক্ষেত্ৰত জিলা প্ৰশাসনে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি খহননীয়া ৰোধ কৰাৰ বাবে কেনে পদক্ষেপ হাতত লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply