ৰঙিয়া : বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত শুক্লাই নদীৰ ওপৰত থকা টেঙাঝাৰ-চেনীগাঁও সংযোগী কাঠৰ দলংখনৰ এটা অংশ শুক্লাই নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। যাৰ ফলত এক বৃহৎ অঞ্চলৰ যোগাযোগ ব্যৱস্থা ব্যহত হৈ পৰিছে। বুধবাৰে পুৱাৰ ভাগত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা শুক্লাইত উপস্থিত হৈ বান প্ৰভাৱিত স্থানীয় ৰাইজৰ বুজ লয়।
বিধায়ক গৰাকীয়ে শুক্লাই নৈয়ে উটুৱাই নিয়া দলংখন পৰিদৰ্শন কৰি বিভাগীয় ঠিকাদাৰ তথা বিষয়া সকলল লগত কথা পাতে। বিধায়ক গৰাকীয়ে বিভাগীয় বিষয়া সকলক বিষয়টো গুৰুত্ব সহকৰে ল’বলৈ অনুৰোধ জনাই বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। ইফালে শুক্লাই নদীৰ ওপৰত ভগ্ন কাঠৰ দলংখনৰ কাষতে এখন বৃহৎ পকী দলং নিৰ্মাণ কৰি থকা হৈছে। উক্ত দলংখনৰ বহু অংশ ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে যদিও দলংখন নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ গৰাকীয়ে অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
লগতে পঢ়ক – বানপানীৰ পৰা জীৱ জন্তুক ৰক্ষা কৰিবলৈ প্ৰায় ৪০ টা হাইলেণ্ড নিৰ্মাণ
ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনক ধমক দি অতি শীঘ্ৰে নিৰ্মাণকাৰ্য সম্পুৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। ইফালে শুক্লাই নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা বিভিন্ন অঞ্চলৰ ৰাইজৰ খা-খবৰ লৈ পৰিস্থিতিৰ বুজ লয় বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীৰ লগত শুকল্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বি টিআৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী উপস্থিত থকাৰ লগতে জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।