মানকাচৰ : মেঘালয়ত মানকাচৰৰ তিনি গৰু চোৰক গণ প্ৰহাৰ। গণ প্ৰহাৰত আহত তিনি গৰু চোৰ। আহত চোৰ কেইটা ক্ৰমে আই হুছেইন, ময়জাল হক আৰু জিল হক। ৮ জনীয়া গৰু চোৰৰ দল এটা মানকাচৰৰ পৰা মেঘালয়ত গৈছিল গৰু চুৰি কৰিবলৈ।
দামালগিৰি থানা এলেকাৰ বলংগিৰিত সংঘটিত হৈছে এই ঘটনা। গণ প্ৰহাৰত গৰু চোৰ তিনিটাৰ প্ৰথমে মৃত্যু হোৱা বুলি খবৰ আহিছিল। কিন্তু গৰু চোৰ তিনিটাক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছে। বৰ্তমান চিকিৎসাধীন হৈ আছে গৰু চোৰ কেইটা।
ঘটনাৰ লগত জড়িত আন এটা চোৰক মানকাচৰৰ কালাপানী আৰক্ষীয়ে আটক কৰিছে। আটক কৰা গৰু চোৰটো জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। ট্ৰাক এখন লৈ ৮ জনীয়া দল মেঘালয়ত গৰু চুৰি কৰিবলৈ গৈছিল। আহত গৰু চোৰা তিনিটাক মেঘালয় আৰক্ষীয়ে আটক কৰিছে।
লগতে পঢ়ক – মণিপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা : নিহত দুজন
চাৰিটা গৰু চোৰ পলায়ন কৰিছে।ট্ৰাকখন মেঘালয় আৰক্ষীয়ে জব্দ কৰিছে।এজন লোকৰ ঘৰৰ পৰা তিনিটা গৰু চুৰি কৰিছিল চুৰ কেইটা। ৰাইজে চোৰ কেইটাক আটক কৰি গণ প্ৰহাৰ কৰে।আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে আহত গৰু চোৰ কেইটাক।