গুৱাহাটী : মোৱাইল ফোনৰ উজান উঠিছে ভগদত্তপুৰ আৰক্ষী চকীত। ভগদত্তপুৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। প্ৰায় ৮ লক্ষ টকাৰ চুৰি মোৱাইল ফোন উদ্ধাৰ কৰিছে ভগদত্তপুৰ আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভগদত্তপুৰ আৰক্ষীয়ে জব্দ কৰিছে ৭৯ টাকৈ মোবাইল ফোন। ৰামদিয়াৰ গাঁওবুঢ়া পামচৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত চলাইছিল অভিযান।

লগতে পঢ়ক – খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত ‘কৃষকৰ অংশীদাৰীত্ব আমাৰ প্ৰাথমিকতা’ অভিযান কাৰ্যসূচী

এই বৃহৎ সংখ্যক চুৰিৰ মোবাইল ফোনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ চোৰক। ধৃত মোবাইল ফোন চোৰ কেইজন আব্বাচ আলী, বেদেনউদ্দিন আলী। জৰিনা বেগম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে ভগদত্তপুৰ আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply