নিউজ ডেস্ক: কৰ্ণাটকত বিধানসভা নিৰ্বাচন সমাগত। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰ্ণগতিত চলি আছে প্ৰচাৰ আৰু প্ৰস্তুতি। দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকলৈ গৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশূৰত অনুষ্ঠিত ৰোড শ্ব’ৰ পৰা অংশগ্ৰহণ কৰিছিল আৰু সাধাৰণ জনতাক হাত জোকাৰিছিল।

জানিব পৰা মতে, অনুষ্ঠান চলি থকা সময়তে সংঘটিত হয় এক ঘটনা। হঠাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিক্ষেপ কৰা হয় এটা মোবাইল ফোন। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তথ্য অনুসৰি, এগৰাকী মহিলাই আৱেগৰ বশৱৰ্তী হৈ নিজৰ মোবাইল ফোনটো নিক্ষেপ কৰিছিল আৰু ইয়াৰ আঁৰত মহিলাগৰাকীৰ কোনো অসৎ উদ্দেশ্য নাছিল বুলি জানিব পৰা গৈছে। আৰু মহিলাগৰাকীক এছ পি জিৰ লোকসকলে মোবাইল ফোনটো ঘূৰাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply