নিউজ ডেস্ক: দেওবাৰে নিশা বংগোপসাগৰত সৃষ্টি হোৱা “ম’কা” ঘূৰ্ণীবতাহে ম্যানমাৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। নিশা ম্যানমাৰৰ ছিটৱে সামুদ্রিক উপকূলত ঘূর্ণীবতাহে খুণ্ডা মৰাৰ ফলত শ শ ঘৰ ভঙাৰ লগতে আৰু গছ-গছনি উভালি পেলায়। এই ঘূৰ্ণীবতাহ প্ৰায় ২১০ কিলোমিটাৰতকৈও অধিক বেগত অহা বুলি জানিব পৰা গৈছে। যাৰ ফলত যাতায়ত, বিদ্যুৎ আদিৰ যোগান ব্যাহত হোৱাৰ লগতে ঘূর্ণি বতাহৰ কৱলত পৰি তিনিজন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে বাংলাদেশৰ কক্সবজাৰ উপকূলৰ সমীপ পাইছে এই ঘূর্ণীবতাহ। আজি বিয়লি ভিতৰত খুণ্ডা মাৰিব। কিন্তু বতৰ বিজ্ঞান বিভাগে জনাইছে যে এই ঘূর্ণীবতাহ এতিয়া নিম্ন চাপলৈ পৰিণত হৈছে। গতিকে বাংলাদেশত ধন-জনৰ বিশেষ ক্ষতি নহ’ব।

ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে নিশাৰ পৰা বৰষুণ দি প্ৰচণ্ড বতাহ বলিছে পশ্চিম বংগ পূব আৰু পশ্চিম মেদিনীপুৰ, দক্ষিণ আৰু উত্তৰ ২৪ পৰগনা উপকূলীয় অঞ্চলত।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে সোমবাৰে ৰাজধানী কলকাতাত সর্বনিম্ন তাপমাত্রা ২৬.১ আৰু সৰ্বোচ্চ উষ্ণতা প্রায় ৩৭ ডিগ্রী চেলছিয়াছ হ’ব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply