নিউজ ডেস্ক: এইবাৰ আহি আছে আন এক ঘুৰ্ণীবতাহ “ম’কা” সম্প্রতি দক্ষিণ-পূর্ব বংগোপসাগৰৰ ওপৰেৰে উত্তৰ দিশে অগ্ৰসৰ হৈছে ঘূর্ণীবতাহজাক। বস্ত্ৰ বিজ্ঞান কেন্দ্ৰৰ মতে বিগত সময়ছোৱাত সাধাৰণ গতিবেগেৰে ঘূর্ণীবতাহজাক অগ্ৰসৰ হোৱাৰ পাছত বৃহস্পতিবাৰে বিয়লি ই আন্দামানৰ ৰাজধানী পৰ্টব্লেয়াৰৰ পৰা ৫১০ কিলোমিটাৰ পশ্চিমে আগবাঢ়ে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ক্ৰমাৎ শক্তিশালী হৈ পৰা সাগৰীয় ঘূর্ণীবতাহজাকে শুক্ৰবাৰে দিশ পৰিৱর্তন কৰাৰ সম্ভাৱনা আছে। সেই সময়ত ইয়াৰ গতিবেগ প্রতি ঘণ্টাত ১৫০ কিলোমিটাৰৰ পৰা ১৭৫ কিলোমিটাৰ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰসমূহে আশংকা প্রকাশ কৰিছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্যক সতৰ্ক কৰি দিছে মোচাৰ ঘূৰ্ণীবতাহৰ আগতীয়া প্ৰভাৱৰ বিষয়ে। আইএমডিৰ তথ্য অনুসৰি অহা ১৪ মে’ত ম্যানমাৰ-বাংলাদেশ সীমান্ত অঞ্চলত ঘূৰ্ণীবতাহৰ ফলত প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সৈতে স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ সীমা ম্যানমাৰ বা বাংলাদেশৰ সৈতে ভাগ হোৱাত মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে আই এম ডিয়ে এক সতৰ্কবাণী জাৰি কৰিছে।

উল্লেখযোগ্য যে আই এম ডিয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্য মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে “অৰেঞ্জ এলাৰ্ট’’ জাৰি কৰিছে।

নগালেণ্ড আৰু দক্ষিণ অসমত অৱস্থিত জিলাসমূহৰ বাবেও ধুমুহা বতাহৰ সৈতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সপ্তাহৰ শেষৰ ফালে অভিলেখ পৰিমানৰ ধাৰাসাৰ বৰষুণ প্ৰত্যক্ষ হ’ব। ১৩ মে’ত ত্ৰিপুৰা আৰু মিজোৰামত ধাৰাসাৰ বৰষুণ হ’ব, আৰু ১৪ মে’ত বিভিন্ন স্থানত প্ৰবল বৰষুণ হ’ব। দেওবাৰে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমত হ’ব নেৰানেপেৰা বৰষুণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply