নিউজ ডেস্ক: আম সকলোৰে প্ৰিয় নহয় জানো! গৰমৰ বতৰত আম খোৱা মজাই বেলেগ । সকলোৱে হয়তো বিভিন্ন প্ৰকাৰৰ আমৰ নাম শুনিছে, আৰু খাইছেও! কিন্ত এতিয়া বজাৰলৈ আহি আছে “মোডী” নামেৰে এবিধ নতুন আম। এই নতুন আম বিধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নামেৰে নামাকৰণ কৰা হৈছে । মালিহাবাদৰ আম খেতিয়কসকলে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে আমৰ নতুন নাম ৰাখিছে।

অতি শীঘ্ৰে “মোডী আম” বজাৰত প্ৰৱেশ কৰিব। এই ‘মোডী আম’ দশেৰা, লাংদা আৰু চৌচা আমতকৈ বহুগুণে ডাঠ হ’ব। আনহাতে ইয়াৰ সোৱাদ আন সকলো প্ৰকাৰৰ আমতকৈ সম্পূৰ্ণ পৃথক হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আম উৎপাদক আৰু উদ্যান শস্য সমিতিৰ সাধাৰণ সম্পাদক উপেন্দ্ৰ কুমাৰ সিঙে এই তথ্য প্ৰদান কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় উপ-ক্ৰান্তীয় উদ্যান পালন প্ৰতিষ্ঠানটোৱে ‘মোডী আম’ৰ ওপৰত মোহৰ মাৰিছে। ২০১৯ চনত তেওঁ বিভিন্ন প্ৰকাৰৰ আম সংগ্ৰহ কৰি সেইবোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিছিল। আমৰ পৰীক্ষাৰ পিছত সকলো জ্যেষ্ঠ বিষয়াই দেখিলে যে ইয়াৰ সোৱাদ সকলো বিদ্যমান আমতকৈ সম্পূৰ্ণ পৃথক।

সকলো বিষয়াই আলোচনা কৰা পাছত আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সততে তেওঁৰ আমৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰিছে। সেয়েহে উপেন্দ্ৰ কুমাৰ সিঙে ইয়াক ‘মোডী আম’ নাম দিয়াৰ সিদ্ধান্ত লয়। এতিয়া চেণ্ট্ৰেল ইনষ্টিটিউট অৱ চাবট্ৰপিকেল হৰ্টিকালচাৰে এই নামটো পঞ্জীয়ন কৰিছে।

অতি শীঘ্ৰে এই আম বজাৰত উপলব্ধ হ’ব মানুহে ইয়াক উপভোগ কৰিব পাৰিব। ইতিমধ্যে ইয়াৰ খেতি আৰম্ভ হৈছে। এতিয়ালৈকে “মোডী” আম’ৰ ১০০ ৰো অধিক গছ প্ৰস্তুত কৰা হৈছে।

উপেন্দ্ৰ সিঙে কয় যে এই আম আন আমতকৈ অলপ ব্যয়বহুল হ’ব, কিন্তু দেশৰ প্ৰতিটো কোণলৈ যাব। এই আমৰ গছৰ মূল্য ১০০০ টকা। বৰ্তমান ইয়াৰ গছৰ সংখ্যা খুব কম, কিন্তু অনাগত সময়ত অধিক গছ গজিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply