যোৰহাট : এটিএমৰ ওপৰত এক লাখ টকা পাই থানাত জমা দিলে লেপ তুলি বনোৱা মহম্মদ ৰাজুৱে। বিহাৰৰ মহম্মদ ৰাজু নামৰ এইজন যুৱক ভায়েকৰ সৈতে যোৰহাট নগৰত ভাড়া ঘৰত থাকে। ৰাজুৱে ঘৰে ঘৰে চাইকেল লৈ লেপ তুলি বনাই আৰু ভায়েক মহম্মদ স্বামীদ মটৰ মেকানিক।

যোৰহাট নগৰৰ ষ্টেট বেংকৰ এটিএমত টকা জমা দিবলৈ গৈ মহম্মদ ৰাজুৱে দেখিলে এটিএম মেচিনৰ ওপৰত টকাৰ এটা বান্দীল পৰি আছে। টকাৰ বন্দীলটো মহম্মদ ৰাজুৱে লোৱা দেখি আন দুজন লোকে টকাখিনি ভাগ কৰি লোৱাৰ কথা কয়। মহম্মদ ৰাজু সেই কথাত সন্মতনহৈ ভায়েকক কথাটো জনালে।

লগতে পঢ়ক –  দিল্লীত এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! নিহত ২৭গৰাকীকৈ লোক

ইয়াৰ পিছত দুই ভাই ককাই থানালৈ গৈ এক লাখ টকাৰ বন্দীলটো যোৰহাট আৰক্ষীৰ হাতত জমা দিলে। ঘৰে ঘৰে লেপ তুলি বনাই কষ্টকৰি জীৱন নিৰ্বাহ কৰা এই দুই ভাই ককাইৰ মহানুভৱতাৰ শলাগ লৈছে সকলোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply