নিউজ ডেস্ক : বুধবাৰে নিশাৰ ভাগত মণিপুৰত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । বৰ্তমানেও বহু লোক সন্ধানহীন। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনা বাহিনীয়ে।
মণিপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় বুধবাৰে নিশাৰ ভাগত। মণিপুৰৰ ননি জিলাত টেৰিটৰয়েল আৰ্মীৰ কেম্পৰ ওপৰত পাহাৰ খহি পৰাত টেৰিটৰয়েল আৰ্মীৰ দুজন লোকৰ মৃতদেহ উদ্ধাৰ হয় যদিও বহু লোক সন্ধানহীন হৈ আছিল। শুকুৰবাৰে আৰু চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
নিশা সংঘটিত হোৱা ভূমিস্খলনৰ পিছতে মাটিৰ তলৰ পৰা কেইবাজনো লোকক উদ্ধাৰ কৰা হয় যদিও এই ঘটনাত বৰ্তমানলৈকে ১৪ জনৰ মৃত্যু হৈছে। সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে মণিপুৰ আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে নেৰা নেপেৰা বৰষুণৰ ফলত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। আহত লোক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী এন বীৰেন সিং।