গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা কিছু হ্ৰাস পাইছে যদিও এৰিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ২৮ খন জিলা এতিয়াও বছৰৰ দ্বিতীয়টো বানৰ কবলত। এই ২৮ খন জিলাত ২২ লাখ ২১ হাজাৰ ৫৭৭ জন লোক প্ৰভাৱিত হৈছে বানত।

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সংহাৰী ৰূপ ধাৰণ কৰি আছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীত তলত। পুনৰ ৰাজ্যত নেৰা নেপেৰা বৰষুণ আৰম্ভ হ’লে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰাটো নিশ্চিত। বৰ্তমানেও ৰাজ্যৰ ২৮ খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।

ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও বান কবলত থকা ৰাজ্যৰ ২৮ খন জিলাৰ ২২ লাখ ২১ হাজাৰ ৫৭৭ জন লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।

লগতে পঢ়ক –  অসমৰ বানপানী সমস্যাকলৈ দিল্লীত প্ৰতিবাদ

বৰ্তমানেও বাঢ়নী পানীৰ তলত থকা ২৮ খন জিলাৰ ৭৫ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৫৪২ খন গাঁও জলমগ্ন হৈছে আছে। ইফালে বৰাক উপত্যকাৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। শিলচৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। উল্লেখ্য যে যোৱা ২৪ ঘন্টাত বানপানীৰ ফলত ৫ জনকৈ লোকৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply