গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। বৰ্তমানলৈকে ৰাজ্যৰ ৩২ খনকৈ জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। এই ৩২ খন জিলাত ৩০ লাখ ৯৯ হাজাৰ ৭৬২ জন লোক প্ৰভাৱিত হৈছে বছৰৰ দ্বিতীয়টো বানত।

ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত গতি কৰিছে। নেৰা নেপেৰা বৰষুণ অব্যাহত থাকিলে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰিব। বৰ্তমানলৈকে ৰাজ্যৰ ৩২ খনকৈ জিলাৰ বানৰ কবলত পৰিছে যদিও বৰষুণৰ ধাৰা একে থাকিলে আৰু অধিক জিলা বানৰ পানীয়ে প্লাৱিত কৰাটো নিশ্চিত। বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অধিক বৰষুণ হোৱাৰ জাননীও জাৰি কৰিছে।

বান কবলত পৰা ৰাজ্যৰ ৩২ খন জিলাৰ ৩০ লাখ ৯৯ হাজাৰ ৭৬২ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। কামৰূপ জিলাৰ হাজো আৰু ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ থকাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

লগতে পঢ়ক –  কৃত্রিম বানৰ কবলত পৰা লোকসকলৰ মাজত আহাৰ প্ৰদানৰ ব্যৱস্থা এৰিডাৰ

ৰাজ্যৰ ৩২ খন জিলাৰ ১১৮ টা ৰাজহ চক্ৰৰ ৪ হাজাৰ ২৯১ খন গাঁও জলমগ্ন হৈছে আছে। নেৰা নেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনাও বৃদ্ধি পাইছে ৰাজ্যত। যোৱা ২৪ ঘণ্টাত ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মহানগৰ, কাছাৰ, হাইলাকন্দি আৰু দক্ষিণ শালমাৰা জিলাত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। বানপানী আৰু ভূমিস্খলনত বৰ্তমানলৈকে ৬২ জন লোকে প্ৰাণ হেৰুৱেইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply