গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ আছে। ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ৩০ খন জিলা বর্তমানেও বানৰ কবলত আছে। এই ৩০ খন জিলাত ৪৫ লাখ ৩৪ হাজাৰ ০৪৮ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত।
ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমানেও ভয়াবহ হৈ আছে। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীত তলতে আছে। ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। বৰ্তমানলৈকে ৰাজ্যৰ ৩০ খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।
ইফালে বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা আছে। বান কবলত পৰা ৰাজ্যৰ ৩০ খন জিলাৰ ৪৫ লাখ ৩৪ হাজাৰ ০৪৮ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়ক – শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বাবা ৰাম দেৱৰ আলু গুডামত বৃহৎ পৰিমাণৰ লালী গুৰ জব্দ
কামৰূপ জিলাৰ হাজো আৰু ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ থকাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৩০ খন জিলাৰ ১০৩ টা ৰাজহ চক্ৰৰ ৪ হাজাৰ ৫৩৬ খন গাঁও জলমগ্ন হৈছে আছে। বানপানীৰ লগতে ৰাজ্যত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। চলিত বছৰত বর্তমানলৈকে ১০৭ জন লোকৰ বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হৈছে।