নিউজ ডেস্ক: মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক কাৰ্যকলাপ বৰ্তমানেও শান্ত হোৱা নাই। এই ঘটনাৰ ফলস্বৰূপে বহু লোক ক্ষতিগ্ৰস্ত হয় যাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়ালে অসমত আশ্ৰয় বিচাৰিছে।
জানিব পৰা মতে, কাছাৰ জিলাৰ লখিমপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰায় ৫০০ৰো অধিক লোকে আশ্ৰয় লৈছে। ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা লোকৰ এটা বৃহৎ দলে জিৰি নদী হৈ কাছাৰ জিলাত উপস্থিত হৈ কাছাৰ জিলাৰ লখিমপুৰ সমষ্টিৰ হমাৰখোৱালিয়েনৰ গীৰ্জাত আশ্ৰয় লৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলা প্ৰশাসনক সংকটত পৰা ৰাইজক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই শুকুৰবাৰে জনাইছে যে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰি আমি আইন-শৃংখলাৰ পৰিস্থিতি চোৱাচিতা কৰি আছো। লখিমপুৰ সমষ্টিত মণিপুৰৰ পৰা অহা বৃহৎ ৰাইজৰ দল উপস্থিত হৈছে। জিলা প্ৰশাসনে চুবুৰীয়া ৰাজ্যৰ পৰা অহা জনসাধাৰণক আশ্ৰয় দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰি আছে।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, “কাছাৰ জিলা প্ৰশাসনক এই পৰিয়াল সমূহৰ যত্ন ল’বলৈ অনুৰোধ জনাইছোঁ। এই সংকটৰ সময়ত মই এইচ চি এম এন বিৰেন সিঙৰ সৈতেও অহৰহ যোগাযোগত আছো আৰু এই সংকটৰ সময়ত অসম চৰকাৰৰ সম্পূৰ্ণ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছো।”