নিউজ ডেস্ক- কালি সমগ্ৰ অৰুণাচল প্ৰদেশৰ প্ৰায় ৫০০ যুৱকে মাৰ্ঘেৰিটাৰ ডিভাইন ৰিনিউৱেল ৰিট্ৰিট চেণ্টাৰত একত্ৰিত হৈ হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শান্তি আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে।

তেওঁলোকে মনিপুৰত শান্তিৰ বাবে মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে। উত্তৰ-পূব ভাৰত আঞ্চলিক বিচপ পৰিষদৰ যুৱ আয়োগৰ অধ্যক্ষ বিচপে কয়, ‘মণিপুৰত আমি যি দেখিছো সেয়া ইউক্ৰেইনত হোৱাতকৈ কম নহয়। যন্ত্ৰণা আৰু অনিশ্চয়তাৰ এই কৰুণ মুহূৰ্তত আমি ঐক্যবদ্ধভাৱে থিয় দি সমগ্ৰ মণিপুৰত শান্তিৰ বাৰ্তা বিয়পাব লাগিব।’

উল্লেখ্য যে, ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা জাতিগত হিংসাত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।  এই হিংসাৰ ফলত ২০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ লোক স্থানচ্যুত হয়। 

বিচপে কয়, “যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা লোকসকল সদায় নিৰীহ। আমি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আমাৰ সংহতি প্ৰকাশ কৰিছো আৰু মণিপুৰলৈ সোনকালে শান্তি আৰু স্বাভাৱিকতা ঘূৰি আহিবলৈ প্ৰাৰ্থনা কৰিছো।” লগতে মণিপুৰৰ সংঘৰ্ষত ক্ষতিগ্ৰস্তসকলক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে অনুৰোধ জনায়।

অৰুণাচল প্ৰদেশৰ বহু-সাংস্কৃতিক জনজাতীয় প্ৰেক্ষাপটত এপিচিএৰ সভাপতিয়ে যুৱক-যুৱতীসকলক সোঁৱৰাই দিয়ে, “আমাৰ দৰে ৰাজ্যত য’ত ১০০ৰো অধিক জনজাতি শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিছে। আমি শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলেই নহ’ব, আমি শান্তিৰ প্ৰসাৰ ঘটাব লাগিব।

মণিপুৰৰ অশান্তিৰ আৰম্ভণি হৈছিল যেতিয়া জনজাতীয় লোকসকলে অজনজাতীয় জনগোষ্ঠীটোক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল। 

উল্লেখ্য যে, মণিপুৰৰ ৩০ লাখ জনসংখ্যাৰ ৬০ শতাংশতকৈ অধিক হিন্দু সংখ্যাগৰিষ্ঠ মেইটেই গোটৰ অন্তৰ্গত, বাকী ৪০ শতাংশ কুকি আৰু নগাৰ দৰে খ্ৰীষ্টান জনজাতীয় গোটৰ।  অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ যুৱনেতা জুনেম লাংচিঙে কয় যে এই প্ৰাৰ্থনা সভা কেৱল মণিপুৰত শান্তিৰ বাবে প্ৰাৰ্থনা কৰাই নহয়, সকলো বিভাজনকাৰী শক্তিৰ পৰা ৰক্ষা পাবলৈ আৰু শান্তিৰ দূত হ’বলৈও কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply