গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা কিছু হ্ৰাস পাইছে যদিও ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ৩১ খন জিলাই বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। এই ৩১ খন জিলাত ৫৫ লাখ ৪২ হাজাৰ ০৫৩ জন লোক প্ৰভাৱিত হৈছে বছৰৰ দ্বিতীয়টো বানত।
ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত গতি কৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰা ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীত তলত। বৰষুণৰ ধাৰা অব্যাহত থাকিলে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰাটো নিশ্চিত। বৰ্তমানলৈকে ৰাজ্যৰ ৩১ খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।
ইফালে বিগত দুদিন ধৰি ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আৰু অধিক বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে। বান কবলত পৰা ৰাজ্যৰ ৩১ খন জিলাৰ ৫৫ লাখ ৪২ হাজাৰ ০৫৩ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
লগতে পঢ়ক – শিক্ষাৰ নামত প্ৰৱঞ্ছনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ
কামৰূপ জিলাৰ হাজো আৰু ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ থকাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৩২ খন জিলাৰ ১২১ টা ৰাজহ চক্ৰৰ ৫ হাজাৰ ৫৭৭ খন গাঁও জলমগ্ন হৈছে আছে। নেৰা নেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনাও বৃদ্ধি পাইছে ৰাজ্যত। যোৱা ২৪ ঘণ্টাত ৰাজ্যত বানপানীৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হৈছে।