মাণিকপুৰ : বিগত কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত আই আৰু মানাহ নৈৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাইছে। আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল।আই আৰু মানাহ নৈৰ পানীয়ে বুৰাই পেলাইছে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধ শতাধিক ৰাজহ গাঁও।

মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত লুংঝাৰ, ১ আৰু ২ নং ধুপুৰী, নোৱাপাৰা, ভাটিপাৰা, পশ্চিম বৰবিলা, খৰিবাৰী, ভাণ্ডাৰা, জামদহা জলমগ্ন। সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰী, নাম্বাৰপাৰা, বাংলাপাৰা, গনবিন্যা, গোলাপাৰা, জপেয়া, মূলবাৰী আদি অঞ্চল জলমগ্ন। মানাহ নৈৰ পানীৰ তলত নাম্বাৰপাৰাত অনুষ্ঠিত কৰা নিউ ববী চাৰ্কাছ।

লগতে পঢ়ক – শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠভৰ্তি ট্ৰাক

ইফালে গেৰুকাবাৰী আৰু জামদহা পথটিৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ২ নং বাশবাৰীত আই নদীৰ গৰাখহনীয়াই উটুৱাই নিয়ে আটকধুনীয়া মহন্ত মণ্ডল নামৰ এজন লোকৰ ঘৰ। উল্লেখ্য যে নিশা সেই ঘৰটোতে পৰিয়ালসহ আছিল মহন্ত মণ্ডল। প্ৰৱল বৃষ্টিপাতৰ ফলত নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে ববলৈ আৰম্ভ কৰাত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply