মৰিগাঁও : মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিলে এক বৃহৎ সাফল্য। এখন বিলাসী বাহনৰ পৰা মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। মৰিগাঁও আৰক্ষীয়ে লাভ কৰে এই সাফল্য।

এক গোপন খবৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই এখন বিলাসী বাহনৰ পৰা ১০ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত হে’ৰইনখিনিৰ ওজন ১২৯.৪৩ গ্ৰাম আৰু বজাৰ মূল্য ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

ড্ৰাগছখিনিৰ লগতে আৰক্ষীয়ে নিজামুদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অভিযানকালত আৰক্ষীৰ কবলৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীজন পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বতাহত গুলী চালনা কৰিবলৈ বাধ্য হৈছিল বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply