গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ নিচাযুক্ত সামগ্ৰী। পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ মৰ্ফিন আৰু বিদেশী চিগাৰেট। ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ মৰ্ফিন আৰু বিদেশী চিগাৰেট। ৰে’ল আৰক্ষীৰ জালত তিনিজনকৈ সৰবৰাহকাৰী।
গুৱাহাটী ৰে’ল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ মৰ্ফিন আৰু বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। ৰে’ল আৰক্ষীয়ে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ মৰ্ফিন আৰু বিদেশী চিগাৰেট।
লগতে পঢ়ক – স্বাধীনতাৰ ৭৫ বছৰ পাছত চৰাইদেউৰ শ্ৰীপুৰ ৰাইবস্তিৰ চৈধ্যটা পৰিয়াললৈ বিজুলী সংযোগ
জব্দকৃত ৭০০ গ্ৰাম মৰ্ফিনখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ লাখ টকা বুলি জানিব পৰা গৈছে। দুটা পৃথক পৃথক অভিযান চলাই ৰে’ল আৰক্ষীয়ে মৰ্ফিন আৰু বিদেশী চিগাৰেট জব্দ কৰে। ৰে’ল আৰক্ষীয়ে মৰ্ফিন আৰু বিদেশী চিগাৰেটৰ লগতে তিনিজনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।