নিউজ ডেস্ক: আপুনি বাৰু জানে নে, বিবাহ বিচ্ছেদ কিয় হয়! প্ৰেমৰ বিবাহৰ ফলতেই বেছিকৈ বিবাহ বিচ্ছেদ হয় নেকি? হয়, প্ৰেম বিবাহৰ বাবেই বিবাহ বিচ্ছেদৰ ঘটনা বা আদালতত গোচৰ বেছিকৈ দেখা যায়। এয়া আমি কোৱা কথা নহয়, উচ্চতম ন্যায়ালয়ে বুধবাৰে এক শুনানিৰ সময়ত এই বিষয়ে কয়।
দৰাচলতে, বুধবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কাৰোলৰ বিচাৰপীঠে এখন বৈবাহিক বিবাহৰ স্থানান্তৰণৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানি গ্ৰহণ হৈ থকাৰ সময়তেই এজন অধিবক্তাই বৈবাহিক গোচৰটো প্ৰেম বিবাহৰ সৈতে সম্পৰ্কিত বুলি জনাই।
ইয়াৰ পিছতেই ন্যায়াধীশ গাভাই য়ে উল্লেখ কৰে যে, “বেছিভাগ বিবাহ বিচ্ছেদ কেৱল প্ৰেম বিবাহৰ পৰাই উদ্ভৱ হয়।”
লগতে গোচৰটোৰ ক্ষেত্ৰত বিচাৰপীঠে দম্পতীহালক কয়, এনে বিষয়ত মধ্যস্থতাকাৰী প্ৰয়োজন। কিন্তু মধ্যস্থতাকাৰী বাবে স্বামীৰ ফালৰ পৰা ইয়াৰ বিৰোধীতা কৰে। অৱশ্যে আদালতে এইটো কয়, তেওঁ স্বামীৰ পক্ষৰ সন্মতি অবিহনে বিবাহ বিচ্ছেদত মোহৰ মাৰিব পাৰে।
লগতে পঢ়ক – ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান