ধুবুৰী : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। অসম আৰক্ষীৰ গুলীত নিহত এজন কুখ্যাত অপৰাধী। কুখ্যাত গো মাফিয়া আদম আলী নিহত হৈছে ধুবুৰী আৰক্ষীৰ গুলীত। গো মাফিয়াৰ লগতে বহু অপৰাধৰ লগত জড়িত আদম আলী।

নামনি অসমৰ কুখ্যাত গো মাফিয়া আদম আলী আৰক্ষীৰ গুলীত নিহত। বাংলাদেশলৈ অবৈধভাৱে গৰু সৰবৰাহৰ লগত জড়িত আছিল আদম আলী। গৰু সৰবৰাহৰ লগতে অন্য বহু অপৰাধৰ লগত জড়িত আছিল আদম আলী।

বিভিন্ন অপৰাধৰ লগত জড়িত আদম আলী কেইবাৰো গ্ৰেপ্তাৰ হৈছিল। কিছুদিন পুর্বে জামিন লাভ কৰি পশ্চিম বংগত আত্মগোপন কৰি আছিল আদম আলীয়ে। ধুবুৰী আৰক্ষীয়ে পশ্চিম বংগৰ পৰা আটক কৰি অসমলৈ আনিছিল আদম অলীক।

লগতে পঢ়ক –  How to: ঘৰতে বহি কেনেকৈ খুলিব পাৰিব SBI একাউন্ট, পঢ়ক সবিশেষ

ধুবুৰী আৰক্ষীয়ে তদন্তৰ বাবে ধুবুৰী-কোকৰাঝাৰ সীমান্তত নি থকা অৱস্থাত আদম আলীয়ে পলায়নৰ চেষ্টা চলায়। ধুবুৰী আৰক্ষীয়ে বাধ্য হৈ গুলী চালনা কৰাত আদম আলী নিহত হয়। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে আদম আলীৰ মৃতদেহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply