মৰিয়নি : কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলী আটক। মৰিয়নিত কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলীক আটক কৰিলে আৰক্ষীয়ে। নিষিদ্ধ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত ড্ৰাগছ মাফিয়া জনক।
যোৰহাট জিলাৰ মৰিয়নি আৰক্ষীয়ে এক অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত মৰিয়নিৰ পুখুৰীয়া অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এই সাফল্য লাভ কৰে।
লগতে পঢ়ক – বোকাখাতত অসম চাহ মজদুৰ সংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন
মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ৰৰঞ্জন বুঢ়াগোঁহাইৰ নেতৃত্বত মৰিয়নি আৰক্ষীৰ এটা দলে অভিযান চলাইছিল। কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ পৰা ১২ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে।