হাজো : হাজো আৰক্ষীৰ বৃহৎ সাফল্য। কুখ্যাত ড্ৰাগছ মাফিয়া হাজো আৰক্ষীৰ জালত। উত্তৰ কামৰূপত দীর্ঘদিন ধৰি ড্ৰাগছৰ সাম্ৰাজ্যৰ চলাই আছিল কুখ্যাত ড্ৰাগছ মাফিয়াজন।

দেওবাৰে নিশাৰ ভাগত হাজো আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হাজো আৰক্ষীয়ে সমগ্ৰ উত্তৰ কামৰূপত ড্ৰাগছৰ সাম্ৰাজ্য চলাই থকা এজন কুখ্যাত ড্ৰাগছ মাফিকা গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক –  তীব্ৰবেগী অ’টৰ খুন্দাত নিহত আঠ বছৰীয়া শিশুৰ

ধৃত ড্ৰাগছ মাফিয়াজনৰ নাম পাপু ওৰফে আৰিফুদ্দিন আহমেদ। হাজোৰ বিহদিয়াত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ মাফিয়াজনক। ড্ৰাগছ মাফিয়াজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৮ টাকৈ হেৰ’ইন ভৰ্তি পেকেট।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply