বিশ্বনাথ : বিশ্বনাথ চাৰিআলিত পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী৷ জাকিৰ হুছেইন ওৰফে জাগিৰ নামৰ কুখ্যাত গঁড় চিকাৰী গুলীবিদ্ধ৷ নাগঁৱৰ হে জুৰীয়াৰ পৰা দুদিন পূৰ্বে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰ হুছেইন নামৰ গঁড় চিকাৰীজনক।

পূৰ্বে নিহত হোৱা কুখ্যাত গঁড় চিকাৰী নালকুৰ সহযোগী আছিল জাকিৰ হুছেইন নামৰ গঁড় চিকাৰীজন। নিশা লুকুৱাই থোৱা অস্ত্ৰ দেখুৱালৈ নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল জাকিৰ হুছেইন৷ আৰক্ষীয়ে বাধ্য হৈ গুলী চালনা কৰাত জাকিৰ হুছেইনৰ ভৰিত গুলী লাগে৷

লগতে পঢ়ক –  দিল্লীত এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ এজন যুৱকে

পুৱতী নিশা ২ বজাৰ সংঘটিত হয় এই ঘটনা। আহত জাকিৰ হুছেইনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও জানিব পৰা মতে আৰক্ষীক আক্ৰমণ কৰিছিল জাকিৰ হুছেইনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply