নিউজ ডেস্কঃ তিনিচুকীয়াত বজ্ৰপাত পৰি মাতৃ-কন্যাই সাবতিবলগীয়া হয় কৰুণ মৃত্যুক। তিনিচুকীয়াৰ জিলাৰ লেখাপানীৰ তিনিহুটি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা অনুসৰি, মাতৃ গৰাকীয়ে নিজৰ ঘৰ মচি থকা অৱস্থাতে প্ৰচণ্ড শব্দ কৰি বাসগৃহত বজ্ৰপাত পৰে। উক্ত বজ্ৰপাতৰ ফলত ঘৰৰ ভিতৰতে থকা কন্যা আৰু মাতৃগৰাকী মৃত্যুমুখত পৰে।
মৃত্যু হোৱা মাতৃ গৰাকীৰ নাম ৰঞ্জিনা ভাংৰা আৰু কন্যা গৰাকীৰ নাম দীপালি ভাংৰা। কন্যা দীপালি ভাংৰা বয়স ৭ বছৰ বুলি জানিব পৰা গৈছে।
ঘটনাটো সংঘটিত হোৱাৰ পিছতেই দুয়োকে চিকিৎসাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – বাল্য বিবাহৰ অভিযোগত চন্দ্ৰপুৰৰ এজন যুৱক গ্ৰেপ্তাৰ