বৰপেটা : কংগ্ৰেছ অসমত ২৫-৩০ বছৰ ধৰি অহাৰ কোনো সুযোগে নাই। অসমত কংগ্ৰেছ দলটো নিঃশেষ হোৱাৰ পথত। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যি অকুণ্ঠ সমৰ্থন, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যি কাম কাজ, এটা অগ্ৰগামী অসম আৰু ভাৰত নিৰ্মাণৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একেলগে কান্ধত কান্ধ মিলাই হাতত হাত মিলাই যি কাম কৰিবলৈ আগবাঢ়িছে সেই কামৰ দাম আজি অসমবাসী, ভাৰতবাসী ৰাইজে দিছে বুলি কয় সাংসদ দিলীপ শইকীয়াই।

বৰপেটাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা গৰীব কল্যাণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া। প্ৰতিকূল বতৰকো নেওচি সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বৰপেটা জিলাৰ দলীয় কাৰ্যকৰ্তাক অশেষ ধন্যবাদ জনায় সাংসদ গৰাকীয়ে। কাৰ্বি আংলংত অনুষ্ঠিত হৈ যোৱা ফলাফলে ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট সহাৰি দিছে কাৰ্বি আংলংবাসীয়ে বুলি সাংসদ গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অসমত একাধিক ক্ৰমে প্ৰতিটো নিৰ্বাচনতে বিজেপিৰ যিটো জয়যাত্ৰা অব্যাহত আছে আৰু পৰিবৰ্তী সময়তো অব্যাহত থকাৰ কথা দৃঢ়তাৰে কয় সাংসদ দিলীপ শইকীয়াই।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই কয় যে, দৰং জিলাৰ মঙলদৈ আৰু নামনিৰ জিলাৰ সদৰ বৰপেটা চুই যোৱাকৈ ৰে’ল লাইন স্থাপন কৰাৰ বাবে ইতিমধ্যে ৰে’ল মন্ত্ৰীক আমি অৱগত কৰিছো। অতি সোনকালে ৰে’ল লাইন সংযোগ হ’ব বুলি মোৰ দৃঢ় বিশ্বাস বুলি কয় সাংসদ দিলীপ শইকীয়াই। বৰপেটা জিলাৰ অভিভাৱক তথা পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টীয়ে স্থান লাভ কৰিছে। কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহে তেওঁলোকৰ হৃদয়ৰ পৰা আজুৰি অনাটো অতি কঠিন হ’ব।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিটো হাৰত কাম কৰি আছে, আগন্তুক দিনত অসম তথা ভাৰতবৰ্ষত অন্য দলে যে খোপনি পুতিব পাৰিব তাত মোৰ সন্দেহ আছে। কাৰ্বি আংলংত ২৬ খন আসনৰ ভিতৰত ২৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলো। সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত আমাৰ কৰ্ম কৰ্তাসকলক আজিৰ পৰাই যুদ্ধংদেহী মনোভাৱ লৈ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবেও আহ্বান জনায়। বৰপেটা লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কথাও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে। কিয়নো সমষ্টিটোত উন্নয়নৰ কাম ধাৰাবাহিকভাৱে কৰিবলগীয়া আছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক –  এইবাৰ ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ শক্তি কাপুৰৰ পুত্ৰ

বৰপেটা জিলা বিজেপিৰ উদ্যোগত বৰপেটা বিদ্যাপীঠ হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা গৰীৱ কল্যাণ সন্মিলন কাৰ্যসুচীত ক্ৰমে জিলা সভাপতি অনিল কুমাৰ দাস , মথনগুৰি সমষ্টিৰ ই এম গৌতম দাস, বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী তথা ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস , বৰপেটা পৌৰসভা উপ পৌৰপতি ৰাজেন তালুকদাৰ, বৰপেটা ৰোড পৌৰসভাৰ পৌৰপতি ৰাজা সৰকাৰ, বৰপেটা নগৰ মণ্ডল সভাপতি প্ৰাণগোপাল দাসৰ লগতে দলৰ জ্যেষ্ঠ নেতা সকল ক্ৰমে মহেন দাস, ৰাজ্যিক বিজেপিৰ নেতা জিতু তালুকদাৰ, শিশিৰচৌধুৰী, জিলা সাধাৰণ সম্পাদকদ্বয় নিপা কলিতা আৰু হেমন্তকুমাৰদেউৰীৰ লগতে দলৰ সন্মানীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply