এসময়ত ৩২১ বিলিয়ন আমেৰিকান ডলাৰৰ গৰাকী আছিল এলন মাস্ক। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। তেওঁৰ অভিলেখ সম্পত্তিৰ পতনৰ বিষয়ে এতিয়া বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছে।
ব্লুমবাৰ্গৰ বিলিয়নাৰ ইণ্ডেক্স অনুসৰি, ২০২১ চনৰ নৱেম্বৰত মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৪০ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য অতি কমেও ২৮ লাখ কোটি টকাতকৈ অলপ বেছি। জেফ বেজোছৰ পিছত মাস্ক বৰ্তমান বিশ্বৰ একমাত্ৰ ব্যক্তি যাৰ মুঠ সম্পত্তিৰ মূল্য ২০০ বিলিয়ন অতিক্ৰম কৰিছিল।
কিন্তু যোৱা নৱেম্বৰৰ পৰা টুইটাৰৰ স্বত্তাধিকাৰীৰ আৰু কোনো উত্থান দেখা যোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁক লুই ভিটোৰ গৰাকী বাৰ্ণাৰ্ড আৰ্নাল্টে প্ৰত্যাহ্বান জনালে।

সমালোচকসকলে কয় যে মাস্কে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত টুইটাৰৰ গৰাকী হোৱাৰ পিছৰে পৰা আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। বৃহৎ ঋণেৰে টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁৰ কোম্পানী টেছলাৰ শ্বেয়াৰ বজাৰত হ্ৰাস পাইছে। লাভো বৃহৎ হাৰত হ্ৰাস পাইছে।

ব্লুমবাৰ্গৰ বিলিয়নাৰ সূচক অনুসৰি, মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৩৮ বিলিয়ন ডলাৰ। বছৰটোৰ শেষত ই হ’লগৈ ১৩২ বিলিয়ন ডলাৰ। অৰ্থাৎ, তেওঁ প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। যিটোৱে ২০২২ চনত এটা অভিলেখ স্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply