গুৱাহাটী IIT ত পুনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বহিঃৰাজ্যৰ ছাত্ৰৰ। গুৱাহাটী IIT ৰ দিহিং হোষ্টেলত সংঘটিত হৈছে এই ঘটনা।

মৃত শিক্ষাৰ্থীগৰাকীক মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী বুলি চিনাক্ত কৰা হৈছে। মৃত হৃত্বিক সঞ্জয় ভবানী বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল।

IIT কৰ্তৃপক্ষৰ পৰা খবৰ লাভ কৰাৰ পিছত আমিনগাঁও আৰক্ষীয়ে দিহিং হোষ্টেলৰ নিজ কোঠাত হৃত্বিক সঞ্জয় ভবানীৰ মৃতদেহ উদ্ধাৰ কৰে।

ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ এই পর্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হোৱাৰ আশংকা কৰিছে।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply