নগাঁও: দেওবাৰে নিশা নগাঁৱৰ বৰভেটিত সংঘটিত এক ঘটনাই অঞ্চলটোত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে নিশা বৰভেটিৰ জিয়াউদ্দীন আহমেদ আৰু পিংকি বেগমৰ কন্যাক বাবুল আলি নামৰ এজন লোকে ঘৰৰ পৰাই অপহৰণ কৰি লৈ যোৱাৰ চেষ্টা চলাইছিল।
মাক দেউতাকৰ মাজত শুই থকা কণমানি ছোৱালীজনিক বাবুল আলিয়ে বিছনাৰ পৰা তুলি নিছিল। কিন্তু সেই সময়তে মাকে সাৰ পাই চিঞৰ বাখৰ লগোৱাত লোকজনে ছোৱালীজনিক এৰি পলাবলৈ চেষ্টা কৰে।
অৱশ্যে পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজে বাবুল আলিক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই হয়বৰগাঁও আৰক্ষীক গতাই দিয়ে।
ৰাইজৰ প্ৰহাৰত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত বাবুল আলি বৰ্তমান নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পন